“এপ্ৰিল মূৰখ” দিনটো হৈছে গোটেই পৃথিৱীতে পালন…

jyoti

“এপ্ৰিল মূৰখ” দিনটো হৈছে গোটেই পৃথিৱীতে পালন কৰা এটা বছৰেকীয়া দিৱস, যিটো 1 এপ্ৰিল তাৰিখে ব‍্যৱহাৰিক ঠাট্ট্ৰা আৰু ধেমালিতে ফাকি দি কটোৱা হয় । ঠাট্ট্ৰা আৰু সিহঁতৰ বলি হোৱা সকলোক এপ্ৰিল মূৰখ বুলি কোৱা হয় । যদিওৱা এই দিনটো 19 শতিকাৰ পৰাই লোকপ্ৰীয়, এই দিনটোত কোনো দেশতে সাৰ্বজনীক বন্ধ পালন কৰা নহয় । এই দিৱস পালনৰ কাহিনীটো বহুত মনোৰঞ্জক হয় ।

বন্ধুসকল গোটেই জগতখনত কিছুমান পৰম্পৰা ৰীতি-নীতি আৰু বন্ধ এনেকুৱা হয় যাৰ আৰম্ভৰ কাৰণ বিচৰাটো বহুত কঠিন হয় । আমি সকলোৱে এই ৰীতি-ৰিৱাজ আৰু পৰম্পৰাক মাত্ৰ পালনহে কৰো কিন্তু ইয়াৰ উৎপত্তিৰ কাৰণ নাজানো ।

ঈংৰাজী সাহিত্যৰ পিতৃ স্বৰূপ জিওফ্ৰি চাচৰৰ “চেন্টাৰবেৰি টেলছ” (1392) ত কাহিনীৰ সংগ্ৰ্হ আছে, তাত এটা কাহিনী “নান ৰ প্ৰিষ্ট” ৰ কাহিনীত মাৰ্চ মাহত 30 দিন আৰু 2দিন বুলি লিখা আছে । যাক প্ৰিন্টিংৰ ভূল বুলি ভাবি লোৱা হৈছিল । আৰু পাছত ঞ্জানী লোকসকলে হিচাপ কৰি উলিয়াই যে চাচৰে আচলতে মাৰ্চ মাহত 32 দিন বুলি লিখিছিল । এই কাহিনী ত এটা ঘমন্দি কুকুৰাক এটা চতুৰ শিয়ালে মূৰখ বনাইছিল ।

1539 চনত ফ্লেমিংছ কবি এডবাৰ্ড ডা ডনি য়ে এজন এনেকুৱা অফিচাৰৰ বিষয়ে লিখিছে যিয়ে নিজৰ চাকৰবোৰক 1 এপ্ৰিল দিনটোত এটা মূৰখৰ যাত্ৰালৈ পঠিয়াইছিল ।

1686 চনত এই দিনটোতে জন অব্ৰ‌ইয়ে মূৰখৰ কাৰণে চুটিৰ দিন বুলি কৈছিল । কাৰণ সেই দিনটোত তেওঁ বহুত জনক মূৰখ বনাই লণ্ডনৰ টাৱাৰত একলোগ কৰিছিল ।

1582 ৰ আগতে ইউৰোপৰ গোটেই দেশতে এনেকুৱা এখন কেলেণ্ডাৰ প্ৰচলন আছিল যত তেওলোকৰ নতুন বছৰৰ আৰম্ভনি 1 এপ্ৰিলৰ পাছত হৈছিল । এই কেলেণ্ডাৰৰ প্ৰথম মাহ এপ্ৰিল আছিল । কিন্তু 1563 চনত পপ গ্ৰেগৰীয়ে গ্ৰেগৰীয়ান কেলেণ্ডাৰ যি বৰ্তমানৰ কেলেণ্ডাৰ হয় ইয়াৰ ঘোষণা কৰিছিল । এই কেলেণ্ডাৰ প্ৰথমে 1564 চনত ফ্ৰান্সত ৰজা চাৰলছ য়ে ব‍্যৱহাৰ কৰাৰ কাৰণে আদেশ দিছিল । যাৰ বাবে জানুৱাৰীৰ পৰা নতুন বছৰৰ আৰম্ভ কৰা হয় । কিন্তু ইউৰোপৰ বহু লোকে এই কেলেণ্ডাৰটো স্বীকাৰ কৰা নাছিল । আৰু কিছুমান এনেকুৱা মানুহো আছিল যিয়ে এই কেলেণ্ডাৰৰ বিষয়ে গমে পোৱা নাছিল । যাৰ বাবে নতুন কেলেণ্ডাৰ মতে নৱবৰষ পালন কৰা সকলে পুৰণা কেলেণ্ডাৰ মতে নৱবৰষ পালন কৰা সকলক মূৰখ বনাব ধৰিলে । আৰু সেই সময়ৰ পৰাই এপ্ৰিল ফুল অৰ্থাৎ মূৰখ দিবস পালন কৰাটো বাঢ়ি গল ।

এই দিনটো ৰোমান উৎসৱ ইলেৰিয়াৰ পৰা লোৱা হয় বুলিও মানিলোৱা হয় । ইয়াৰ উপৰিও ভাৰতীয় উৎসৱ হোলী আৰু মধ‍্য কালৰ “ফিছ অফ ফুল বেৱকুফো কি দাৱত” ও এই উৎসৱৰ প্ৰেৰণা বুলি মানি লোৱা হয় ।
এই দিনটোৰ বিষয়ে আৰু বহুতো কাহিনী আছে । । এইবোৰ পাছত কৈ থাকিম । আজি সময়ৰ অভাৱৰ কাৰণে এইখিনীয়ে লিখিলো । ।
জ‍্যোতি ব্ৰহ্ম

Advertisements

Holi

On the full moon day of Phagun, there are many different state of India celebrated for the sake of the festival Spring or Holi is mainly festival of colour. The day is for partying and pure enjoyment. It is the festive day to end and rid oneself of past errors, to end conflicts by meeting other’s, a day to forget and forgive, pay or forgive debts, as well as deal a new with in lives. smear each other with colours and drench each other. It is a time of enjoying springs abundant colours and saying farewell to winter. An occasion to reset and renew reptured relationships, end conflicts and rid themselves of accumulated emotional impurities from the past. Playfully smear each other with colours, spend time with family members and loved ones and indulge in sumptuous feasts. People during Holi also sing and dance to traditional folk and classic Bollywood Holi song with loud and cheerful cries of “Bura na mano holi hai” in the air.

Happy Holi

বিঞ্জান

আজি ৰাষ্ট্ৰীয় বিঞ্জান দিবস । এইটো ভাৰতৰ এটা নিৰ্দিষ্ট সাৰ্বজনিক বিঞ্জান উৎসৱ । এই দিবসটো প্ৰথমে পালন কৰিব লাগে বুলি জনাইছিল 1928 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে, চাৰ চন্দৰচেখৰ ভেংকত ৰমনে । এই দিবসটো বিচাৰি উলিওৱাৰ বাবে তেওঁক 1930 চনৰ ফিজিক্স বিষয়ৰ নবেল প্ৰাইজৰে সন্মানিত কৰা হৈছিল । এই দিনটো প্ৰতি বছৰে পালন কৰা হয় আমাৰ দৈনন্দিন জীৱনত বিঞ্জানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলোকে জনোৱাৰ বাবে । বিঞ্জানে মানব কল‍্যানৰ কাৰণে কৰা সকলো ধৰণৰ সক্ৰীয়তা, প্ৰয়াস আৰু বৃহৎ সাফল‍্য আদি দেখুৱাই দিয়াৰ বাবে । বিঞ্জানৰ স‍্যেত্ৰত উৎপন্ন হোৱা নতুন সজুলি আৰু শিল্পকলা বিঞ্জানৰ উন্নতিৰ কাৰণে সকলো ধৰণৰ আলোচনা কৰাৰ বাবে । দেশৰ বৈঞ্জানিক চিন্তা ধাৰা থকা নাগৰিকক জনাৰ সুযোগ দিবৱ বাবে । দেশৰ নাগৰিকক উৎসাহিত কৰি বিঞ্জান আৰু শিল্পকলা বিঞ্জানক জনপ্ৰিয় কৰাৰ বাবে ।

বসন্ত

বসন্ত আহিল, গছে-গছনিৰ খৰাং অন্ত পৰিল । কুলিয়ে কু কু, পস‍্যীবোৰে চিঞৰিব ধৰিলে । সুগন্ধি বতাহ বলিব ধৰিলে, হাবি-বননি সেউজীয়া হৈ পৰিল । জীৱনত এই বসন্ত কালে আনন্দ দিয়ে অনন্ত, প্ৰেম আৰু উৎসাহৰ ৰং জীৱনলৈ লৈ আনে । ফুলৰাণী পখিলাবোৰ ফুলৰ ৰং চোৰ কৰি, নিজৰ পাখি সোজায় । তন-মন উল্লাসিত হৈ নৱ ঋতুৰ দৰে মন ৰঙীন ।

Rain

___-_____Rain Rain Rain

Rain, Rain, Rain, come again and again
Rain, Rain, Rain don’t go away,
Rain, Rain, Rain i hope you will stay,
Rain, Rain, Rain come again and again

Let the rain kiss you
Let the rain sing you a lullaby
The rain plays a little sleep song on our roof at night
And I love the rain.

Happy Rain

উদয়পুৰৰ আনাবেলা 2

উদয়পুৰৰ আনাবেলা 2

1927 চনত ভগৎ সিঙৰ জন্ম । উদয়পুৰৰ মহাৰাণাৰ ভতিজাকৰ ডাঙৰ লৰা । মহাৰাণা ভূপাল সিঙে ভগৎ সিঙক পুত্ৰ হিচাবে তুলি লয় । তেতিয়া ভগৎ সিঙৰ বয়স 17 বছৰ । জন্মসূত্ৰে ভগৎ সিঙে ৰাজপৰিয়ালৰ উত্তৰাধিকাৰী হয় । উল্লেখ্য যে ভূপাল সিঙৰ পিতৃ ফটেহ সিং ৰাজপুতসকলৰ এজন স্মৰণীয় ব‍্যক্তি । ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ 1911 চনত যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া ফটেহ সিঙক সভাত উপস্থিত থাকিবলৈ কোৱা হৈছিল । ইংৰাজ ৰজাৰ সম্মুখত যাতে তেওঁ বহিব লগা নহয়, তাৰ বাবে তেওঁ বেমাৰ হোৱাৰ ভাও জুৰিছিল । আৰু অসুস্থ হৈ পৰিবলৈ সচাকৈয়ে বিষপান কৰিছিল । তেওঁৰ পুত্ৰ ভূপাল সিঙো স্বাভিমানী আৰু চৌখিন আছিল । সদায় সন্ধিয়া পৰত তেওঁ ৰলছ ৰয়ছ গাড়ীত উঠি উদয়পুৰ চহৰ ফুৰিছিল । ভূপাল সিঙে আনুষ্ঠানিকভাবে ভগৎ সিঙক পুত্ৰ হিচাবে তুলি লোৱাত তেওঁৰ সমস্ত সা-সম্পত্তিৰ অধিকাৰী হয় ভগৎ । তেতিয়াই বিকানিৰ ৰাজকুমাৰীৰ সৈতে ভগৎ সিঙৰ বিয়া পাতি দিয়া হয় । বিয়াৰ সময়ত ভগৎ সিঙৰ বয়স ওঠৰ । তেওঁলোকৰ দুই সন্তান, এগৰাকী কন‍্যা । বিয়া হ’ল, ল’ৰা ছোৱালী জন্ম পালে, তথাপি ৰাজকুমাৰীৰ সৈতে যেন তাল মিলা নাছিল ভগৎ সিঙৰ । ভগৎ সিঙ এজন ক্ৰীড়াপ্ৰেমী লোক । প’ল’, হকি, ফুটবল, ক্ৰিকেট, টেনিছ আদি খেলৰ প্ৰতি প্ৰবল আকৰ্ষণ । লগতে উচ্চ শিক্ষিত আছিল । পেছাত ব‍্যৱসায়ী । নিজেই এটি ব‍্যৱসায়ী প্ৰতিষ্ঠান খুলি ব‍্যৱসায় আৰম্ভ কৰিছিল । সেয়ে অন্তৰ মহলত থকা ৰাণীৰ সৈতে হাব-ভাব গঢ়ি নুঠাই স্বাভাৱিক । এইবোৰ কাৰণতে হয়তো আনাবেলাৰ প্ৰথম দৰশনতে শৰবিদ্ধ হ’ল ভগৎ সিঙ ।

ভগৎ সিঙক লগ পোৱাৰ পিছৰে পৰা উনমনা হৈ পৰিছে আনাবেলা । উদয়পুৰৰ এইজন মহাৰাণা শিক্ষিত, ভদ্ৰ, চৌখিন । ভগৎ সিঙৰ দুচকুলৈ চালেই থৰ থৰকৈ কপি উঠে বুকুৰ তাৰবোৰ ! এয়াই নেকি প্ৰেম ? আনাবেলাই নিৰ্জন নিশা নিজকে প্ৰশ্ন কৰে ! কিন্তু মহাৰাণাক কিদৰে কয় প্ৰেমৰ কথাষাৰ ।

ভাৰত ভ্ৰমণৰ দিন শেষ হৈ আহিল । আনাবেলাৰ মনটো অস্থিৰ । আৰু কেতিয়াকৈ মহাৰাণাক লগ পাব একোকে ক’ব নোৱাৰে । কিন্তু ইংলেণ্ডলৈ উভতি যাব লগা দিনটোৰ আগনিশা চেটাৰ্জী পৰিয়াললৈ এটি ফোন আহিল । মহাৰাণা ভগৎ সিঙৰ ফোন । আনাবেলাই ৰিচিভাৰটো হাতত লৈ অধীৰ অপেস‍্যাত . . . . .কি ক’ব মহাৰাণাক ! কৈ দিব নেকি ভালপোৱাৰ কথা !
:: আনা, তোমাক বিদায় দিবলৈ মন যোৱা নাই ! তোমাৰ সৈতে কটোৱা মুহূৰ্তবোৰ অহৰহ আমনি কৰি আছে । ———— আনাবেলা নিশ্চুপ । বুকুৰ মাজত যিজাক ধুমুহা বলিছে, কৈ দিব নেকি !
:: আনা, ইংলেণ্ড গৈ পাহৰি যাবা মোক ?
:: মহাৰাণা, আপোনাক পাহৰো কিদৰে ! ইংলছণ্ডলৈ গ’লেও মনটো যে ইয়াতে থাকি যাব !
:: তুমি মানুহজনী বাৰু থাকি যাব নোৱাৰা নে ?
:: কিদৰে থাকি যাও মহাৰাণা ?
:: তুমি বিয়া হ’বা মোৰ সৈতে ?

কথাষাৰ যেন বিশ্বাস কৰিব পৰা নাই আনাবেলাই । ৰিচিভাৰটো জোৰকৈ খামুচি ধৰিছে ! কি ক’ব মহাৰাণাক ! আনাবেলাৰ মনৰ কথাষাৰে দেখোন মহাৰাণাই কৈ পেলালে ! বহুপৰ নীৰৱ হৈ থকাত সিটো মূৰৰ পৰা আকৌ ভাহি আহিল মহাৰাণাৰ আৱেগভৰা মাতষাৰ ।
:: বিয়া হ’বা মোৰ সৈতে ?
:: হু . . . . . .

আনাবেলাই আৱেগত একোকে ক’ব নোৱাৰিলে । আনন্দত দুচকুৰে লোতক বৈ আহিল । চেটাৰ্জী পৰিয়ালৰ আটাইয়ে এই কথা জানিব পাৰি আনন্দিত হ’ল ।

আনাবেলাই লণ্ডনত থকা মাক-দেউতাকক বিয়াৰ সিদ্ধান্তৰ কথা জনালে; কিন্তু তেওঁলোকৰ মতামতলৈ নৰ’ল । আনাবেলাৰ আৰু লণ্ডনলৈ উভতি যোৱা নহল । ইয়াৰ এসপ্তাহ পিছতে মুম্বাইৰ বিবাহ পঞ্জীয়ন কাৰ্য্যালয়ত আনাবেলা আৰু মহাৰাণা ভগৎ সিঙৰ বিবাহ সম্পন্ন হ’ল । আইনগতভাৱেই আনাবেলা উদয়পুৰৰ মহাৰাণী হ’ল । কিন্তু আনাবেলাই অতি সৰল জীৱন এটি আকোৱালি ল’লে । হাত-কাণ-ডিঙিত কোনো আ-অলংকাৰ নাই, পিন্ধনত সাধাৰণ চিফন শাৰী । মহাৰাণাৰ সৈতে বৈবাহিক জীৱনত আনাবেলাৰ এয়াই আছিল ষ্টাইল ।

বিয়াৰ পিছত ন-ক‌ইনা আনাবেলাক মহাৰাণাৰ গৃহদেৱতাৰ মন্দিৰ একলিংগ মন্দিৰ দেখুৱাবলৈ আনিলে । উদয়পুৰৰ মহাৰাণাৰ প্ৰাসাদৰ পৰা 22 কিলোমিটাৰ আতৰত এই মন্দিৰ । এই মন্দিৰত আহি আনাবেলাই গৃহদেৱতাৰ আশীৰ্বাদ ল’লে । উদয়পুৰত থকাকেইদিন আনাবেলা আৰু মহাৰাণাৰ আশ্ৰয়স্থল উদয়পুৰ নগৰৰ প্ৰাসাদ ।

সুন্দৰ মাৰ্বলৰে নক্সা কটা এটি কোঠা । আনকি চিলিংবোৰো মোজাইক কৰা । বিলাসৰ কোনো অভাৱ নাছিল । কিন্তু আনাবেলাই বুজি উঠিছিল———–পৰ্দাৰ আৰত থকা মহাৰাণাৰ প্ৰথমা পত্নীয়ে এই বিবাহ মানি লোৱা নাই । উদয়পুৰৰ প্ৰাসাদত মহাৰাণী আৰু আনাবেলা একেলগে থাকিলেও কোনেও কাৰো মুখামুখি হোৱা নাছিল কেতিয়াও ।

পৰম্পৰা অনুসৰি আনাবেলাই সদায় শাৰী পিন্ধিছিল । চিফনৰ মিহি শাৰী আনাবেলাৰ পছন্দ । ভাষাৰ সমস্যা আতৰ কৰিবলৈ আনাবেলাই হিন্দী শিকিবলৈ মন মেলিলে । এদিন মহাৰাণাক কথাষাৰ কোৱাত এজন হিন্দী শিক্ষক নিয়োগ কৰিলে । হিন্দী শিকিবলৈ কিমান যে কষ্ট কৰিলে ! ভাষাৰ প্ৰাচীৰৰ বাবে ক্ৰমশ: আনাবেলা অকলশৰীয়া হৈ পৰিল । মহাৰাণা ভগৎ সিঙে ব‍্যৱসায়, সামাজিক কাম-কাজত ব‍্যস্ত থকাৰ বাবে আগৰ দৰে সময় দিব নোৱৰা হ’ল । হিন্দী ক’ব নোৱৰা বাবে আনাবেলাই কাৰো সৈতে সুখ-দুখৰ কথা এষাৰো পাতিব নোৱাৰে । আনকি খোৱাৰ টেবুলতো আনাবেলা অকলশৰীয়া । মহাৰাণাৰ পৰিয়ালৰ আটায়ে একেলগে আহাৰ খোৱাৰ নিয়ম; কিন্তু ভাৰতীয় খাদ্য আনাবেলাৰ পেটটোৱে সহিব নোৱাৰে । ফলত বেলেগ ৰান্ধি অকলশৰে খোৱাৰ ব‍্যৱস্থা ।

মহাৰাণাৰ দ্বিতীয় পত্নী তথা এগৰাকী বিদেশিনী হোৱাৰ বাবে মহাৰাণাৰ পৰিয়ালত আনাবেলাৰ কোনো প্ৰভাৱ নাছিল । আনকি ভগৎ সিঙৰ দুই পুত্ৰ‌ই যে তেওঁক সহ‍্য কৰিব নোৱাৰে সেই কথাষাৰো আনাবেলাই বুজি উঠিছিল । বৰ অকলশৰীয়া অনুভৱ কৰে আনাবেলাই । বৈবাহিক জীৱন সুখৰ আছিল যদিও তেওঁ পদে পদে অবাঞ্চিত হৈ পৰিছিল মহাৰাণাৰ পৰিয়ালত ।

নি:সংগতা আতৰ কৰিবলৈ আনাবেলাই কবিতা লিখাত হাত দিলে ।

একমাত্ৰ উদয়পুৰৰ সৌন্দৰ্য্য, জগমন্দিৰৰ সন্ধিয়া আনাবেলাৰ প্ৰিয় ।

ডায়েৰীৰ পাতত ‘ইভিনিং অব জগমন্দিৰ’ কবিতাটো লিখা শেষ হোৱাৰ পিছত ক’ব নোৱৰাকৈ দূৰ অতিতত হেৰাই গৈছিল আনাবেলা । জীৱনৰ কথাবোৰ ঘূৰি-পকি মনত দোলা দি যায় । পৰিচাৰিকাগৰাকীয়ে খোৱাবস্তুৰ থাল এখন লৈ কোঠাত সোমাই অহাত আনাবেলাৰ তনময়তা ভাগিল । আনাবেলাই অকলশৰীয়া জীৱনৰ পৰা ওলাই আহিবলৈ এটি পথ বিচাৰি পালে । ভাৰতত থকা ৰয়েল ছ’চাইটিৰ হৈ তেওঁ বাটৰুৱা, অসুস্থ কুকুৰ তথা জীৱ-জন্তুক তুলি আনি চিকিৎসাৰ লগতে শুশ্ৰূষাৰ কামত লাগিল । এদিন মহাৰাণাক কথাষাৰ ক’লে—————-
:: আপোনাক আগৰ দৰে ওচৰত নাপাও । নি:সংগতা আতৰাবলৈ বাটৰুৱা অসুস্থ জীৱ-জন্তুক উদ্ধাৰৰ কামত লাগিছো । কামটো কৰি মই আনন্দিত !
:: ভাল কৰিছা । উদয়পুৰত বান্দৰ বা ময়ূৰ হত‍্যা কৰাটো অপৰাধ হিচাবে ধৰা হয় । পিছে মহাৰাণী উপাধি ল’লে এইবোৰ কাম কৰিব নোৱাৰিবা কিন্তু !

আনাবেলাই মহাৰাণাৰ কথাত সন্মতি দিলে । অসুস্থ জীৱ-জন্তুক উদ্ধাৰ কৰা কামত লগাৰ পৰা আনাবেলাই বহু মানুহৰ সংস্পৰশলৈ আহিল ।

ওঠৰ বছৰীয়া বৈবাহিক জীৱনকালত কিন্তু মহাৰাণাই কেতিয়াও আনাবেলাৰ সৈতে আন ৰাজ্য ভ্ৰমণ কৰিবলৈ যোৱা নাছিল । আনকি ৰাজকীয় কোনো বিবাহ অনুষ্ঠানত মহাৰাণাৰ সৈতে উপস্থিত নাছিল । আনাবেলাই এটি উত্তৰ বিচাৰি পাইছিল————‘তেওঁ বিদেশিনী ।’

কিন্তু উদয়পুৰৰ তুলনাত মুম্বাইত বহু স্বাধীনতা লাভ কৰিছিল আনাবেলাই । মুম্বাইত থকা এপাৰ্টমেণ্টলৈ সময় পালেই আনাবেলা আৰু ভগৎ সিং গৈছিল । ইয়াত আনাবেলাই এগৰাকী পছিমীয়া দেশৰ গৃহিণীৰ দৰেই বজাৰ-সমাৰ কৰিছিল । আৰু মুম্বাইত থকা কালতে এদিন মহাৰাণাক ক’লে————
:: ভাৰতীয় নৃত্য শিকিবলৈ মন গৈ আছে———
:: কিন্তু ৰাজহুৱাভাৱে নৃত্য কৰিব নোৱাৰিবা । ঘৰতে শিকিব লাগিব আৰু ঘৰতে নৃত্য কৰিব লাগিব ।

মান্তি হ’ল আনাবেলা । নৃত্য ভাল পোৱাৰ বাবে জাপান এৰি লণ্ডনলৈ ঘূৰি আহিছিল কিশোৰীকালত । ভাৰতীয় নৃত্যৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰে আনাবেলাই । ঘৰৰ ভিতৰত নৃত্য কৰিব লাগিলেও কোনো আপত্তি নাই ।

এজন নৃত্যৰ প্ৰশিক্ষক আনি দিলে মহাৰাণাই । খুব কম দিনতে পাৰ্গত হৈ উঠিল আনাবেলা । কিন্তু এই নৃত্য কৰিব লাগিব গোপনে, লোকচস‍্যুৰ আৰত । কেইদিনমান যোৱাৰ পিছত এই বাধা-নিষেধৰ বাবে নৃত্যৰ প্ৰতি আকৰ্ষণ হেৰুৱাই পেলালে আনাবেলাই ! এদিন নৃত্যৰ প্ৰশিস‍্যকজনক ক’লে————- ‘মাষ্টৰজী, আজিৰ পৰা আৰু আহিব নালাগে ! এইদৰে অন্ধকাৰ কোঠাত নৃত্য কৰাৰ কোনো যুক্তি নাই ! নৃত্য বন্ধ কোঠাৰ বস্তু নহয় ।’

দুভৰিৰ পৰা খুলি থ’লে ঘুংগুৰু ।

এদিন উদয়পুৰৰ ৰাজপ্ৰসাদলৈ সুদূৰ ইংলেণ্ডৰ পৰা এটি বাৰ্তা আহিল । আনাবেলাৰ মাতৃ ষ্ট্ৰোকত আক্ৰান্ত হৈছে । শীঘ্ৰে আনাবেলা ঘৰলৈ যাব লাগে । পিছে ঘৰ পোৱাৰ আগতে মাতৃৰ মৃত্যু ঘটিল । অকলশৰীয়া, অসহায় হৈ পৰিল বৃদ্ধ পিতৃ । মাতৃৰ সৎকাৰৰ যা-যোগাৰ কৰি থাকোতে খবৰ পালে মহাৰাণা ভগৎ সিং আৰু বৰপুত্ৰ মহেন্দৰ সিঙৰ মাজত সম্পত্তিক লৈ বিবাদ আৰম্ভ হৈছে । পুত্ৰৰ এই কাৰ্য্যত শাৰীৰিক-মানসিকভাৱে অসুস্থ হৈ পৰিল ভগৎ সিং । আৰু কেইদিনমানৰ পিছত আনাবেলাই এটি ফোন কল পালে————-ভগৎ সিঙৰ মৃত্যু ঘটিছে । কিন্তু দৌৰাদৌৰিকৈ আহিবলৈ বাধা দিয়া হ’ল আনাবেলাক ।

দেউতাকৰ থকা-মেলাৰ ব‍্যৱস্থা কৰি আনাবেলা বিধবা সাজেৰে উদয়পুৰত উপস্থিত হ’ল । বিধবা হোৱাৰ বাবেই কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা হ’ল আনাবেলা । ভাৰতীয় বিধবা মহিলা এগৰাকীয়ে পালন কৰা নীতি-নিয়মা তেওঁ কঠোৰভাৱে পালন কৰিছিল যদিও এবাৰ স্বাভাৱিকভাবেই ওঠৰ লিপষ্টিক লগাই বাহিৰলৈ ওলাল । এই লৈ বৰপুত্ৰ মহেন্দৰ সিং টিঙিৰিতুলা হৈ আনাবেলাক তিৰষ্কাৰ কৰিলে ।

স্বামীৰ অনুপস্থিতিত উদয়পুৰত সন্মানসহকাৰে যে জীয়াই থাকিব নোৱাৰিব, বুজি উঠিল আনাবেলাই ! সকলো মানি চলিবলৈ চেষ্টা কৰিছিল, কিন্তু আনাবেলাক কোনেও মানি নল’লে ।

ভগ্ন হৃদয় লৈ এদিন পুনৰ ইংলেণ্ডলৈ উভতি গ’ল আনাবেলা !

কপি কৰা হৈছে !

উদয়পুৰৰ আনাবেলা

_____উদয়পুৰৰ আনাবেলা______1

বেলিটো পছিমমুকী হোৱালৈ অধীৰ অপেস‍্যাৰত হৈ থাকে আনাবেলাই । বেলিৰ তাপ কমিলেই ওলাই আহে জগমনদিৰৰ চৌহদলৈ । মনদিৰৰ ভিতৰত কেতিয়াও পূজা-অৰচনা কৰা নাই ; তথাপি মনদিৰৰ শান্ত-সনিগধ পৰিবেশে আনাবেলাৰ মনটো নিৰ্ভাৰ কৰি তোলে ! মনলৈ কেইটিমান কবিতাৰ শাৰী আহি অগা-দেৱা কৰে ।

A ripple as the lake is sterred,
The scent of flowers is strong and clear,
Sleepy fwitter Still is heard,
And night has come to Jagmandir.

সনধিয়া নামি অহাৰ পিছত উদয়পুৰৰ ৰাজহাউলিৰ সেই নিৰদিষট কোঠাটোলৈ উভতি আহে আনাবেলা । মাৰবল পাথৰ লগোৱা তথা দৃষটিননদন এই কোঠাটোৱে আনাবেলাৰ আশৰয়সথল । ইতিমধ্যে পৰিচাৰিকাজনীয়ে কোঠাটোত পোহৰৰ ব‍্যৱসথা কৰিছে । ধূপৰ সুগনধি সুবাস বিয়পি পৰিছে চৌপাশ । আনাবেলাৰ ভাবুক মুখখনলৈ চাই পৰিচাৰিকাজনী আতৰি গল । তাই জানে——–এই বগী মেমজনী আন দহজনী তিৰোতাৰ দৰে নহয় । মহাৰাণা ভগৎ সিঙৰ দিতীয় পত্নী । অথচ অকমানো ভেম নাই । ডিঙি-কাণত এপদ অলংকাৰ নাই ! চিফনৰ সাধাৰণ শৰী এখন পিনধি অ’লৈ-ত’লৈ যায় ।

অকলশৰে থকা বাবে তেওঁ হয়তো ভাবুক হৈ থাকে ! আৰু কলম উলিয়াই কিবাকিবি লিখি থাকে । কামকৰা ছোৱালীজনীয়ে এই বাবে বগী মেমজনীক বৰ সমীহ কৰে । মেমজনীয়ে তাইক দুই-এটা ভঙা ভঙা হিন্দী কয় । মাষটৰ এজন ৰাখি কেইদিনমান হিন্দী শিকাত লাগিল । মাষটৰৰ সন্মুখত বহি থকা আনাবেলাৰ মুখলৈ চাই পৰিচাৰিকাজনীৰ মৰম উথলি উঠে । হিন্দী ক’বলৈ কমখন যতন কৰিলেনে ! অতি কষ্টৰ মূৰত দুই-এটা শব্দ ক’ব পৰা হ’ল ।

পৰিচাৰিকাজনী আতৰি যোৱাৰ পিছত আনাবেলাই ডায়েৰীখন উলিয়াই ল’লে । মনলৈ অহা শব্দবোৰ লিখি নাৰাখিলে শান্তি নাই ! আনাবেলাই লিখিলে————-

The beauty of the evening light,
The enchantment of the land,
The looming shimmer of marble white,
The chatter of a parrot band,
If all this beauty here doth make
A man create a dream.
I wish, O Rana of the Lake,
That we may now redeem.
The honour that which once was ours,
The noble thoughts, the brave new deeds,
The self-respect, the love of God,
The feeling for each other’s needs.

কবিতাটো সমাপত কৰি আনাবেলাই নাম ৰাখিলে——— “Evening of Jagmandir” |

উদয়পুৰৰ এই সৌনদৰয‍্য দৰশন কৰাৰ পিছতো আনাবেলাৰ মনটো উদাস হৈ পাৰে । ৰাজপুতসকলৰ বীৰতবৰ কাহিনী আৰু শুচিবায়ুগৰসত নিয়ম-নীতি, পৰম্পৰাৰ বাবে উশাহ নোপোৱা যেন হয় । আনাবেলাৰ মনটো শৈশৱ-কৈশোৰৰ সেই দিনবোৰলৈ উভতি যায় ।

দহবছৰীয়া আনাবেলা লণ্ডনৰ বিখ্যাত ৰয়েল বেলে’ট স্কুলৰ ছাত্ৰী । ইতিমধ্যে আনাবেলাই বেলে নৃত্যত পাৰগত হৈ উঠিছে । কিন্তু দহ পাৰ হোৱাৰ পিছত আনাবেলা পিতৃ-মাতৃৰ সৈতে জাপান আহি পালে । টকিঅ’সথিত ব্ৰিতিছ উপায়ুকতৰ কাৰয‍্যালয়ত সেনা বিষয়া আছিল আনাবেলাৰ দেউতাক । সেইসূত্ৰে জাপানত বসবাস । পিছে টকিঅ’ত বেলে’ট ন‌ত‍্যৰ কোনো পৰিবেশ নাই । এই কথাই বিমৰষ কৰি ৰাখিছিল আনাবেলাক । কোনো কামতে মন বহা নাছিল । এদিন দেউতাকক কথাষাৰ ক’লে———-দেউতা, মই ইংলেণ্ডলৈ উভতি যাব বিচাৰো !

আনাবেলাৰ বিমৰষ মুখখনলৈ চাই দেউতাকে সকলো বুজি পাইছিল । তেওঁৰ কিশোৰী কন‍্যাগৰাকীৰ মনৰ ভাব বুজি আনাবেলাক লণ্ডনলৈ পঠোৱাৰ সকলো ব‍্যৱস্থা কৰি দিলে । নিজকে এগৰাকী নৃত্য পটীয়সীৰ ৰূপত কল্পনা কৰি অহা আনাবেলাই লণ্ডনলৈ উভতি আহি পুনৰ নৃত্যৰ প্ৰশিক্ষনত সোমাল ।

1950 চনত আনাবেলাৰ জীৱনলৈ এটি সুখবৰ আহিল । বোম্বাই (এতিয়াৰ মুম্বাই)ত থকা চেটাৰ্জী পৰিয়ালটোৱে ভাৰতলৈ আমন্ত্ৰণ জনালে । পাৰ্কাৰ পৰিয়ালটোৱে চেটাৰ্জী পৰিয়ালটোক টকিঅ’ত থকা সময়তে লগ পোৱা । তেতিয়াই দুয়োটা পৰিয়ালৰ মাজত ঘনিষ্ঠতা হৈছিল । আনাবেলাই চিঠিখন হাতত লৈ বহুপৰ ভাবুক হৈ থাকিল । ভাৰতৰ মঠ-মন্দিৰ, পুৰণি ঐতিহ্য, কৃষ্টি-সংস্কৃতিৰ কথি শুনি আহিছিল । চিঠিখনৰ শেষ বাক্যটোৱে আনাবেলাক আপ্লুত কৰিলে———‘মৰমৰ আনা, তোমাক অতিথি হিচাবে পালে আনন্দিত হ’ম ।’ আনাবেলাই শুনি আহিছে—– অতিথি বৎসল ভাৰতীয় লোকসকল ।

নিমন্ত্ৰন ৰস‍্যা কৰি বোম্বাইত আহি উপস্থিত হ’ল আনাবেলা । চেটাৰ্জী পৰিয়ালটোৱে আনাবেলাক পৰিয়ালৰ লোকৰ দৰেই আকোৱালি ল’লে । আহি পোৱাৰ পিছদিনাৰ পৰাই ভাৰতৰ বিখ্যাত স্থানবোৰ চোৱা আৰম্ভ হ’ল ।

ৰাজস্থানৰ মায়ো কলেজৰ বাৰষিক সভা এখনলৈ আনাবেলাক লৈ গ’ল চেটাৰ্জী পৰিয়ালটোৱে । ৰাজস্থানলৈ গৈ আনা আপ্লুত হৈ পৰিল । চাৰিওফালে ৰাজকীয় বাহাৰ । ৰজা–মহাৰাজাৰ দিন নাই যদিও তাৰ ৰেশ যেন শেষ হোৱা নাই । বটা বিতৰণী সভাত বহুতো বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত আছে উদয়পুৰৰ মহাৰাণা ভগৎ সিং । মায়ো কলেজৰ অধ্যস‍্য জেক গিবছনে সভাৰ আগশাৰীত বহি থকা মহাৰাণাৰ সৈতে আনাবেলাক চিনাকি কৰাই দিলে ।

আনাবেলাৰ সৌন্দৰ্য্য‌ই যেন মহাৰাণা ভগৎ সিঙৰ দুচকুত চাট মাৰি ধৰিলে । আনাবেলায়ো ধৰিব পাৰিলে এই মুগ্ধতাৰ দৃষ্টি । মহাৰাণাৰ দুচকুলৈ চাই আনাবেলাৰ বুকুৰ ভিতৰত যেন এক তৰংগৰ সৃষ্টি হ’ল । ডেউকা কোবাই উঠিল এটি চৰাই । চঞ্চল হৈ উঠা হৃদয়-তৰংগৰ বাবেই আনাবেলাই হাত এখন আগবঢ়াই দি ক’লে——–আনাবেলা । একেই মুগ্ধতাৰে ভগৎ সিঙে আনাবেলাক কৰমৰ্দন কৰিলে । চিনাকি হোৱাৰ পিছত প্ৰাথমিক আড়ষ্টতা কমি যোৱাত আনাবেলাই ক’লে——- ৰাজস্থান ভ্ৰমণ কৰিম বুলি আহিছো ! আপুনি পথ দেখুৱাই দিলে আনন্দিত হ’ম ।
:: আপোনাক সংগ দিব পাৰিলে নিজকে ভাগ্যবান বুলি ভাবিম ।
:: আপোনাৰ সুবিধা অনুসৰি জনাম ।
:: কাইলৈ ওলাৱক তেন্তে ?
:: কাইলৈ !
:: আপোনাক উদয়পুৰ দেখুৱাম । উদয়পুৰ ভাৰতৰ আটাইতকৈ ৰোমাণ্টিক চহৰ ।
আনাবেলাই এই প্ৰস্তাৱ মানি ল’লে ।

পিছদিনা আনাবেলাক লগত লৈ উদয়পুৰ ফুৰিবলৈ ওলাল মহাৰাণা ভগৎ সিং । আনাবেলাক কাষত পাই ৰোমাঞ্চিত হৈ উঠিল মহাৰাণাৰ বুকু । সদ‍্য যৌৱনপ্ৰাপ্ত আনাবেলাৰ ৰূপত যেন পুৰি ছাই হৈ যাব ! আনাবেলাৰ শৰীৰী স্প‌ৰশ একোটাই যেন মহাৰাণাৰ সিৰা-উপসিৰাবোৰত বিদ্যুৎ তৰংগৰ সৃষ্টি কৰিলে !

কিন্তু মহাৰাণা ভগৎ সিং অবিবাহিত নহয় । দুই পুত্ৰ, এক কন‍্যাৰ পিতৃ তেওঁ ।

।।হৃদয়কুমাৰ শৰ্মা